peoplepill id: jayanta-nath-1
JN
India
2 views today
3 views this week
Jayanta Nath
Indian singer, composer and film director

Jayanta Nath

The basics

Quick Facts

Intro
Indian singer, composer and film director
Places
Gender
Male
Place of birth
Gossaigaon, India
Age
60 years
Family
Spouse:
Juri Rani Nath
Children:
Akash Jyoti Nath Anhelix
Stats
Height:
176 cm
Genre(s):
Audio
Spotify
Jayanta Nath
The details (from wikipedia)

Biography


জয়ন্ত নাথ (ইংৰাজী: Jayanta Nath) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। বহুতো জনপ্ৰিয় গীতৰ উপৰিও হৃদয় কঁপোৱা গান আৰু কৰমা কে ৰাতি নামৰ দুখন বোলছবিও পৰিচালনা কৰে।

জন্ম আৰু বংশ পৰিচয়

১৯৬৪ চনৰ ২০ মে' তাৰিখে অসমৰ গোঁসাইগাঁৱত জয়ন্ত নাথৰ জন্ম হয়। জয়ন্ত নাথৰ পিতৃৰ নাম আছিল হেমকান্ত নাথ আৰু মাতৃৰ নাম আছিল হেমপ্ৰভা নাথ। দেউতাকৰ চাকৰিসূত্ৰে সঘনাই অসমৰ বিভিন্ন ঠাইত তেঁওলোক থাকিবলগীয়া হৈছিল। শেষত অসমৰ যোৰহাটত তেঁওলোক নিগাজীকৈ থাকিবলৈ লয় আৰু তাৰ পৰাই শিক্ষাজীৱন আৰম্ভ কৰে।

শিক্ষা

যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্য়ালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ জয়ন্ত নাথে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্য়ালয়ৰ পৰা উচ্চতৰ মাধ্য়মিকত উত্তীৰ্ণ হয়। পিছলৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্য়িক মুক্ত বিশ্ববিদ্য়ালয়ৰ পৰা গণসংযোগ বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ব্যক্তিগত জীৱন

১৯৯৮ চনৰ ১৮ জুন তাৰিখে শিৱসাগৰৰ জুৰি ৰাণী নাথৰ লগত জয়ন্ত নাথ বিবাহপাশত আৱদ্ধ হয়। তেঁওৰ দুই পুত্ৰৰ নাম হ'ল ক্ৰমে আকাশজ্যোতি নাথ আৰু অয়নজ্যোতি নাথ। ২০০৪ চনত তেঁওৰ দুয়োটা বৃক্ক বিকল হৈ পৰে আৰু ২০০৪ চনৰে ২৪ নৱেম্বৰত বৃক্ক সংৰোপনৰ জৰিয়তে তেঁও আৰোগ্য হয়।

সংগীত

জয়ন্ত নাথে শৈশৱৰে পৰাই সংগীত প্ৰতিভাৰ পৰিচয় দিছিল। ১৯৭৩ চনত অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত যােৰহাটৰ বাহনাত অনুষ্ঠিত মইনা পাৰিজাতত শ্রেষ্ঠ কণ্ঠশিল্পীৰ স্বীকৃতি লাভ কৰে। "আকৌ যদি যাব লাগে শৰাইঘাটলৈ" নগেন বৰা ৰচিত, মৃদুল ভূঞাৰ সুৰাৰোপিত তথা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই কণ্ঠদান কৰা ১৯৮৫ চনৰ সেই যাউতিযুগীয়া গীতটো জয়ন্ত নাথৰ পৰিচালিত শ্ৰব্য কেচেট ‘শৰাইঘাটৰে। তদুপৰি "বুকু ভৰি", ‘আই মােৰ অসমী", "শিল্পী তুমি", "হাঁহিৰে চকুলো ঢাকি" ইত্যাদি তেঁওৰ জনপ্ৰিয় গীত। ভূপেন হাজৰিকা, আাশা ভোশলে, কুমাৰ চানু, চনু নিগম, বিনোদ ৰাথোড়, অভিজিত, মহালক্ষ্মী আয়াৰ, জুবিন গাৰ্গ, পুলক বেনাৰ্জী, ৰিদীপ দত্ত, শান্তা উজীৰ আদিৰ দৰে জনপ্ৰিয় গায়কৰ লগতো তেঁও বিভিন্ন কেচেটত সংগীত পৰিচালনা কৰিছে। বিভিন্ন বোলছবিত সংগীত পৰিচালনা কৰাৰ ওপৰিও বহুতো ভি চি ডি ছবিতো তেঁও সংগীত পৰিচালনা কৰে। ড° ভূপেন হাজৰিকাৰ প্ৰথম গীত "কুসুম্বৰ পুত্ৰ"ৰ বাণীবন্ধনো তেঁও সম্পন্ন কৰে। ২০১৮ চনত টেলিস্ক'প ৰেকৰ্ডছে জয়ন্ত নাথৰ গীতসমুহ ডিজিটেল মাধ্যমত প্ৰকাশৰ দায়িত্ব লয় আৰু এলবাম আকাৰে প্ৰকাশ কৰে।

বৰ্ষএলবামগানদৈৰ্ঘ
২০১৮বেস্ট অৱ জয়ন্ত নাথহাঁহিৰে চকুলো ঢাকি৩:৫৯
পলাশ বনত৫:০৭
যদি মোৰ গানৰ সুৰে৫:০৩
আই মোৰ অসমী৫:১৭
সুধা কণ্ঠ৫:৪৯
ঘন ঘোৰ৫:৩৫
জনতাৰ৪:২৫
মোৰ ই কণ্ঠ৪:৩৬
পালেহি৪:২২
মোৰ জীৱনেৰে৪:১৭
২০১৯বুকু ভৰিবুকু ভৰি৩:৫৬
অজানিতে মোক৪:১১
জীৱন ভৰা৫:১৬
প্ৰেম৫:৩৮
তোমাৰ মৰমেৰে৪:৩৩
মোৰ প্ৰেম৫:০

বোলছবি

প্ৰখ্য়াত চলচিত্ৰ নিৰ্মাতা দাৰা আহমেদৰ তত্বাৱধানত তেঁও বোলছবিত কাম কৰিবলৈ অৰম্ভ কৰে। সহ-পৰিচালক হিচাপে ১২ খন আৰু সংগীত পৰিচালক হিচাপে ৩ খন অসমীয়া বোলছবিত তেঁও কাম কৰে।

বৰ্ষবোলছবিভুমিকা
১৯৮৯ধ্ৰুৱতৰানেপথ্য গায়ক
১৯৯০অগ্নিগড়নেপথ্য গায়ক
১৯৮৭প্ৰতিদাননেপথ্য গায়ক, সহ - পৰিচালক
১৯৮৯বৰদৈচিলানেপথ্য গায়ক, সহ - পৰিচালক
১৯৯১যখিনীসহ - পৰিচালক
১৯৯৩ৰিক্সাৱালাসহ - পৰিচালক, সংগীত পৰিচালক, নেপথ্য গায়ক
১৯৯৫উৰ্বশীসহ - পৰিচালক
১৯৮৮সংঘাতসহ - পৰিচালক
১৯৯৫দিল কে দাগ (অসম্পূৰ্ণ)সংগীত পৰিচালক, নেপথ্য গায়ক
২০০৪হৃদয় কঁপোৱা গানপৰিচালক, সংগীত পৰিচালক, নেপথ্য গায়ক
২০১৩কৰমা কে ৰাতিপৰিচালক, সংগীত পৰিচালক, নেপথ্য গায়ক

বঁটা

• সুধাকন্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা

তথ্য সংগ্ৰহ

  1. "Sabha corrects state song". Telegraph India. https://www.telegraphindia.com/states/north-east/sabha-corrects-state-song/cid/1394772। আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯. 
  2. "Bihu attraction social message on celluloid karma ke rati a film on tea community is packed with action and romance". Telegraph India. https://www.telegraphindia.com/states/north-east/bihu-attraction-social-message-on-celluloid-karma-ke-rati-a-film-on-tea-community-is-packed-with-action-and-romance/cid/326096। আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯. 
  3. "Asomiya Pratidin". https://epaper.asomiyapratidin.in/m/71388/5cede491825c2। আহৰণ কৰা হৈছে: ২৯ মে' ২০১৯. 
  4. "The Dainik Janambhumi". http://dainikjanambhumi.co.in/29052019/details.php?date=14-05-2014&page=3-10&article=14.jpg&cid=28664। আহৰণ কৰা হৈছে: ২৯ মে' ২০১৯. 
  5. "Amar Asom". http://amarasom.glpublications.in//imageview_11407_13036189_4_1_29-05-2019_i_1_sf.html। আহৰণ কৰা হৈছে: ২৯ মে' ২০১৯. 
  6. বিৰাজ বৰুৱা (১১ ডিচেম্বৰ ২০১৮). "আই মােক সজাই দে ৰণলৈ...". আমাৰ অসম:১৬ পৃষ্ঠা. 
  7. "Jayanta Nath". https://www.imdb.com/name/nm10576189/। আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯. 
  8. "Release "Best of Jayanta Nath" by Jayanta Nath - MusicBrainz". MusicBrainz. https://musicbrainz.org/release/de735863-4e60-49e6-b35e-54719706eca5। আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯. 
  9. "Release "Buku Bhori" by Jayanta Nath - MusicBrainz". MusicBrainz. https://musicbrainz.org/release/da6879be-e589-49a1-95f2-c4b24d4dfe86। আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯. 
  10. "Rickshawala (1993)". IMdb. https://www.imdb.com/title/tt10118494/?ref_=nv_sr_3?ref_=nv_sr_3। আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯. 
  11. "Hriday Kapowa Gaan". IMDb. https://www.imdb.com/title/tt10087210/?ref_=nm_knf_i1। আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯. 
  12. "Karma Ke Rati". IMDb. https://www.imdb.com/title/tt10107250/?ref_=nm_knf_i2। আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯. 
  13. "জয়ন্ত নাথলৈ সুধাকণ্ঠ বঁটা". NEFocus. http://www.nefocus.com/%e0%a6%9c%e0%a7%9f%e0%a6%a8%e0%a7%8d%e0%a6%a4-%e0%a6%a8%e0%a6%be%e0%a6%a5%e0%a6%b2%e0%a7%88-%e0%a6%b8%e0%a7%81%e0%a6%a7%e0%a6%be%e0%a6%95%e0%a6%a3%e0%a7%8d%e0%a6%a0-%e0%a6%ac%e0%a6%81%e0%a6%9f/। আহৰণ কৰা হৈছে: ২৩ অক্টোবৰ ২০১৯. 

বাহ্যিক সংযোগ

অসমৰ প্ৰসিদ্ধ ব্যক্তিসকল
অসমৰ প্ৰসিদ্ধ ব্যক্তিসকল
আধ্যাত্মিক
ইতিহাস
গণনায়ক
সাহিত্যিক
ভাষাবিদ
সমাজ সেৱক
কণ্ঠশিল্পী
নাট্যকাৰ
অভিনেতা / অভিনেত্ৰী
চলচ্চিত্ৰ নিৰ্মাতা
নিৰ্দেশক
খেলুৱৈ
শিক্ষাবিদ
প্ৰকৃতিবিদ
বিজ্ঞানী
আধ্যাত্মিক
ইতিহাস
গণনায়ক
সাহিত্যিক
ভাষাবিদ
সমাজ সেৱক
কণ্ঠশিল্পী
নাট্যকাৰ
অভিনেতা / অভিনেত্ৰী
চলচ্চিত্ৰ নিৰ্মাতা
নিৰ্দেশক
খেলুৱৈ
শিক্ষাবিদ
প্ৰকৃতিবিদ
বিজ্ঞানী
The contents of this page are sourced from Wikipedia article. The contents are available under the CC BY-SA 4.0 license.
Lists
Jayanta Nath is in following lists
comments so far.
Comments
From our partners
Sponsored
Credits
References and sources
Jayanta Nath
arrow-left arrow-right instagram whatsapp myspace quora soundcloud spotify tumblr vk website youtube pandora tunein iheart itunes