Dinanath Bezbarua
Quick Facts
Biography
দীননাথ বেজবৰুৱা (ইংৰাজী: Dinanath Bezbarua, জন্ম:১৮১৩ খ্ৰী, মৃত্যু:১৮৯৫ খ্ৰী) মহাৰাজ পুৰন্দৰ সিংহৰ প্ৰধান চিকিৎসক আছিল।তেওঁ আয়ুৰ্বেদ শাস্ত্ৰত পাৰ্গত আছিল। এওঁৰে পুত্ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ।
জন্ম আৰু শিক্ষা
১৮১৩ খ্ৰীষ্টাব্দত যোৰহাট নগৰত দীননাথ বেজবৰুৱাৰ জন্ম হয় বেজবৰুৱা বংশত। তেওঁৰ পিতৃৰ নাম আছিল কৃষ্ণৰাম বেজবৰুৱা। চাৰিবছৰ বয়সতেই মাতৃহীনা হোৱা দীননাথ বেজবৰুৱাক তেওঁৰ বৌৱেক আৰু বৰবাইদেৱেক দুৰ্বীদেৱীয়ে ডাঙৰ-দীঘল কৰিছিল। তেওঁ যোৰহাটৰ যাদু অধ্যাপকৰ সংস্কৃত বিদ্যালয়ত শিক্ষা লাভ কৰিছিল। তেওঁ পিতৃ কৃষ্ণৰাম বেজবৰুৱা, ককায়েক হলিৰাম বেজবৰুৱা আৰু সেই সময়ৰ ভাল ভাল বৈদ্যৰ ওচৰত আয়ুৰ্বেদ বিদ্যা লাভ কৰি পৰীক্ষাত সসন্মানেৰে উত্তীৰ্ণ হৈছিল। ১৯ বছৰ বয়সত পঢ়া শুনা সমাপ্ত কৰি তেওঁ বিবাহ কৰে।
কৰ্মজীৱন
দীননাথ বেজবৰুৱাই ১৬ বছৰৰ বয়সত যাদু অধ্যাপকৰ সংস্কৃত বিদ্যালয়ত শিক্ষা প্ৰদান কৰিছিল। ইংৰাজৰ পৰা ৰাজ্য লাভ কৰি পুৰন্দৰ সিংহ গুৱাহাটীত থকাৰ সময়ত দীননাথ বেজবৰুৱাই তেওঁ সাক্ষাত কৰিছিল। পুৰন্দৰ সিংহই তেতিয়া দীননাথ বেজবৰুৱাক বেজবৰুৱা পাতি প্ৰধান চিকিৎসক নিয়োগ কৰে। বেজবৰুৱা হোৱাৰ উপৰিও দীননাথ বেজবৰুৱা ফৌজাদাৰী চিৰস্তাদাৰ আছিল। যেতিয়া ইংৰাজে পুৰন্দৰ সিংহৰ পৰা ৰাজ্য কাঢ়ি লয় তেতিয়া দীননাথ বেজবৰুৱাক এচিষ্টেণ্ট কমিচনাৰ তলত দেৱানী বিচাৰ বিভাগত মহাফেজ ৰাখিছিল আৰু পিছলৈ দেৱানী চিৰস্তাদাৰ পাতিছিল। ইয়াৰ পিছত দীননাথ বেজবৰুৱাক ১৮৬১ খ্ৰীষ্টাব্দত মুন্চেফ্ পাতি নগাঁৱলৈ পঠিওৱা হয়। তেওঁ নগাঁৱত তিনি বছৰ মুন্চেফ্ আৰু ডেপুটী কালেক্টৰ হিচাপে কাম কৰে। ইয়াৰ পিছত তেওঁ তেজপুৰ, তাৰ পিছত উত্তৰ লক্ষীম্পুৰ আৰু শেষত গুৱাহাটীলৈ বদলি হয়। মুন্চেফ্ নাম ১৮৭১ চনত বদলি হৈ একষ্ট্ৰা-এচিষ্টেণ্ট কমিচনাৰ হোৱাত তেওঁ সেই নাম পালে আৰু ১৮৭৩ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ শিৱসাগৰৰ নিজৰ ঘৰলৈ উভতি যায়।
অনান্য কামসমূহ
অৱসৰ গ্ৰহণ কৰাৰ আগত আৰু পিছতো দীননাথ বেজবৰুৱাই চিকিৎসা প্ৰদান কৰিছিল। ধৰ্ম বিষয়ক আলোচনা, দেশৰ আৰ্থিক আৰু সামাজিক উন্নতি হোৱা সৰু সৰু কামবোৰত দীননাথ বেজবৰুৱা আগৰণুৱা আছিল। শিৱসাগৰত নিজা ধন মোকলাই তেওঁ এখন ইংৰাজি হাইস্কুল খুলি দিছিল। দীননাথ বেজবৰুৱাই স্কন্দ পুৰাণৰ অন্তৰ্গত উৎকল খণ্ড পুথিৰ আৰু ৰুদ্ৰযামালৰ অন্তৰ্গত হৰগৌৰী সংবাদৰ আচাৰ্য সংহতি নামৰ পুথিৰ অসমীয়া ভাঙনি কৰিছিল। তেওঁ শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন চৰিত্ৰ পুথি “গুৰু-চৰিত্ৰ” লিখি হাতেৰে নকল কৰোৱাই সত্ৰসমূহক দান দিছিল। ১৮৪৪ খ্ৰীষ্টাব্দত তেওঁ “বেজবৰুৱা বংশাৱলী” পুথি ৰচনা কৰিছিল। ১৮৯৫ খ্ৰীষ্টাব্দত এইজনা প্ৰতিভাৱান ব্যক্তিৰ কমলাবাৰী সত্ৰত মৃত্যু ঘটে।