Quick Facts
Intro | Indian poet and physician |
A.K.A. | Hemen Kumar Sarma |
Is | Poet Physician |
From | India |
Field | Healthcare Literature |
Gender | male |
Birth | 1962, Pathsala, India |
Age | 61 years |

Biography
নীলিম কুমাৰ অসমৰ এজন কবি আৰু ঔপন্যাসিক। আধুনিক অসমীয়া কবিতাৰ জগতত তেখেত অন্যতম জনপ্ৰিয় কবি। তেখেতৰ প্ৰকৃত নাম "হেমেন কুমাৰ শৰ্মা"। ১৯৬২ চনত বৰপেটা জিলাৰ পাঠশালাত তেখেতৰ জন্ম হয়। পাঠশালাতেই তেখেতৰ শৈশৱকাল অতিবাহিত হয়। তেখেত কৰ্মসূত্ৰে এজন চৰকাৰী চিকিৎসক। ১৯৮৪ চনৰ পৰা তেখেতৰ কবি জীৱন আৰম্ভ হয়। ১৯৯১ চনত পুষ্পাঞ্জলীৰ (ৰিজু) সৈতে বিবাহ পাশত আবদ্ধ হয়। তেখেতৰ দুই কন্যা সন্তান, ফুটুকী আৰু মিচিকি।
সাহিত্য কৰ্ম
নীলিম কুমাৰৰ প্ৰথম কবিতা পুথি প্ৰকাশ হয় ১৯৮৫ চনত। ১৯৯৪ চনত প্ৰকাশিত “অপ্ৰজনন” নামৰ এটি কবিতাৰ বাবে তেখেত চৰ্চালৈ আহে। এতিয়ালৈ তেখেতে ৰচনা কৰা কবিতা পুথিৰ সংখ্যা প্ৰায় ১৮ খন। ইয়াৰ উপৰিও তেখেতে ২ খন উপন্যাসো লিখিছে। তেওঁৰ এই সৃষ্টিৰ যোগেদি অসম তথা ভাৰতত সুনাম অৰ্জন কৰাৰ লগতে "উদয় ভাৰতী ৰাষ্ট্ৰীয় বঁটা"কে ধৰি কেইবাটাও পুৰষ্কাৰো লাভ কৰিছে। ফৰাচী, ইংৰাজী, হিন্দী, নেপালী, বাংলা, উড়িয়া, মাৰাঠী, গুজৰাটী, তামিল, কন্নড় , পাঞ্জাবী আদি বিভিন্ন ভাষালৈ তেওঁৰ কবিতা অনুবাদ কৰা হৈছে।
২০০২ চনত অকবিতাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি তেখেত বিতৰ্কত সোমাই পৰিছিল। ২০০৫ চনত তেখেতে ব্ৰহ্মপুত্ৰৰ পাৰত "কবি সন্মিলন" অনুষ্ঠিত কৰি আশীজন নতুন কবিক কবিতাৰ শিক্ষা দিয়ে। ২০০৬ চনত তেখতে অসমত এখন "কবিতাৰ বিদ্যালয়" স্থাপন কৰাৰ প্ৰস্তাৱ দিয়ে। নীলিম কুমাৰৰ জনপ্ৰিয় কবিতা "ধুনীয়া তিৰোতাবোৰ"ৰ আধাৰত ২০১১ চনত একে নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়।
প্ৰকাশিত কাব্যগ্ৰন্থ
- আচিনাৰ অসুখ
- বাৰী কোঁৱৰ
- পানীত ঢৌ ঢৌবোৰ মাছ
- স্বপ্নৰ ৰেলগাড়ী
- শেলুৱৈ গধূলি
- মই তোমালোকৰ কবি
- কবিতা সমগ্ৰ (১)
- কবিতা সমগ্ৰ (২)
- ধুনীয়া তিৰোতাবোৰ আৰু অন্য কবিতা
- কাইলৈৰ পৰা আপোনাক ভাল পাম, আজি যে এৰাব নোৱাৰা ব্যস্ততা
- নীলিম কুমাৰৰ প্ৰেমৰ কবিতা
- জোনাক ভালপোৱা তিৰোতাজনী
- আমাৰ আকাশত চাৰিজনী জোন
- নৰকাসুৰ
- এদিন তোমাৰ ঘৰলৈ যাম, তোমাৰ য'ত জন্ম হৈছিল সেই দুখৰ ঘৰটো চাই আহিম কোনে কাক কৈছিল
- নীলিম কুমাৰৰ প্ৰিয় কবিতা
- টোপনিৰ বাগিছা
- Prostitute Moon and other poems
প্ৰকাশিত উপন্যাস
- মাখিত উৰি ফুৰা চিত্ৰকৰ
- আকাশ এপাৰ্টমেণ্ট
অন্যান্য কৃতিত্ব
- ১৯৯০ চনৰ পৰাই বিভিন্ন সৰ্বভাৰতীয় পৰ্য্যায়ৰ কবিতাৰ উৎসৱ, অনুষ্ঠান, কৰ্মশালা আদিত অংশগ্ৰহণ কৰি আহিছে।
- ১৯৯৬ চনত ভাৰতীয় লেখকৰ প্ৰতিনিধি হিচাপে বাংলাদেশ ভ্ৰমণ কৰি আহে।
- “ইণ্ডিয়ান পোয়েট্ৰি ফৰ দা ইয়ং অন কালচাৰেল ভ্যেলুজ অন দা ৱেব”ৰ নিৰ্বাচক মণ্ডলীৰ সদস্য।
- ২০০১ চনত ফ্ৰান্স-ভাৰত সাংস্কৃতিক বিনিময়ৰ কাৰ্যসূচী লৈ “সাহিত্য অকাডেমি”ৰ উদ্যোগত ফ্ৰান্স ভ্ৰমণ কৰিব যায়।
- সাহিত্য, সমাজ আৰু সংস্কৃতিমূলক সংস্থা “কল অফ দা ব্ৰহ্মপুত্ৰ”ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
পুৰষ্কাৰ
- মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ ফেল’শ্বিপ
- “উদয় ভাৰতী” ৰাষ্ট্ৰীয় কবিতা বঁটা
তথ্যসূত্ৰ
- ↑ http://pratilipi.in/nilim-kumar/, আহৰণ ৬.১০.২০১১
- ↑ Maitreyee Boruah, Poet mulls nursery for bards, Telegraph India, Saturday, October 14, 2006, আহৰণ ৬.১০.২০১১
- ↑ http://www.rupaliparda.com/english/dhunia%20_tiruta.htm, আহৰণ ৬.১০.২০১১
প্ৰসংগ পুথি
- টোপনিৰ বাগিছা, নীলিম কুমাৰ।
