peoplepill id: mahi-chandra-miri
MCM
India
4 views today
28 views this week
Mahi Chandra Miri

Mahi Chandra Miri

The basics

Quick Facts

From
Gender
Male
Birth
Death
1932 (aged 29 years)
Place of death
Jorhat, Assam
Age
29 years
The details (from wikipedia)

Biography


মহীচন্দ্ৰ মিৰি (জন্ম: ১৯০২ - মৃত্যু: ১৯৩৯) অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক ( চীফ কন্‌জাৰভেটৰ অব ফৰেষ্টচ)আছিল (প্ৰায় ১৯৩৫ চনত)। অনুসূচিত জনজাতি মিৰি সম্প্ৰদায়ৰ এই শিক্ষিত ডেকাজনে সেই সময়তে অসমৰ বন্যজীৱনৰ ৰক্ষাৰ হেতুকে কাম আৰম্ভ কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানএশিঙিয়া গঁড়ৰ বিষয়ে প্ৰথম তেখেতৰ হেতুকেই বিশ্ব অৱগত হয়। কথিত আছে তেখেতে কাজিৰঙাৰ অৰণ্যত এটা টিলাৰ ওপৰত বহি বাইন'কুলাৰ আৰু বন্দুক লৈ অৰণ্যৰ তদাৰক কৰিছিল। তেখেতৰ পত্নী আছিল প্ৰসিদ্ধ অসমীয়া শিক্ষাবিদ ইন্দিৰা মিৰি আৰু সন্তান উৎপল মিৰি আৰু মৃণাল মিৰি

শিক্ষা

মহীচন্দ্ৰ মিৰিয়ে কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত মেজৰ সহ ১৯২৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯২৯ চনত মহী মিৰি আৰু মাধব ভট্টাচাৰ্য্যক ইম্পিৰিয়েল ফৰেষ্ট চাৰ্ভিচৰ বাবে বাচনী কৰা হয় আৰু ৰেংগুনৰ ফৰেষ্ট কলেজত প্ৰশিক্ষণৰ বাবে পঠোৱা হয়। সন্মানীয়ইম্পিৰিয়েল ফৰেষ্ট চাৰ্ভিচৰ পদৰ বাবে বাচনী কৰা তেওঁলোক দুজনেই প্ৰথম অসমীয়া।

কৰ্মজীৱন

ৰেংগুনৰ প্ৰশিক্ষনৰ পাচত মহী মিৰিক ১৯৩১ চনত গুৱাহাটীত এক্সট্ৰা এচিষ্টেন্ট কনজাৰভেটৰ অফ ফৰেষ্ট হিচাবে নিযুক্তি দিয়া হয়। ১৯৩৪ চনৰ আশে পাশে তেওঁক গোলাঘাটত হেডকোৱাৰ্টাৰ স্থিত তেতিয়াৰ "Kaziranga game sanctuary"-ৰ বাগৰী ৰেঞ্জলৈ বদলি কৰা হয়।


ব্যক্তিগত জীৱন

১৯৩২ চনত মহী মিৰিয়ে সোণাধৰ সেনাপতিৰ জ্যেষ্ঠা জীয়ৰী ইন্দিৰাক বিয়া কৰায়।

মৃত্যু

তেখেতে পাচত যোৰহাটত চাকৰি কৰিছিল আৰু তাতেই ক'লাজ্বৰত আক্ৰান্ত হৈ মৃত্যু হয়।

তথ্যসুত্ৰ


আধ্যাত্মিক
ইতিহাস
গণনায়ক
সাহিত্যিক
ভাষাবিদ
সমাজ সেৱক
কণ্ঠশিল্পী
নাট্যকাৰ
অভিনেতা / অভিনেত্ৰী
চলচ্চিত্ৰ নিৰ্মাতা
নিৰ্দেশক
খেলুৱৈ
শিক্ষাবিদ
প্ৰকৃতিবিদ
বিজ্ঞানী
আধ্যাত্মিক
ইতিহাস
গণনায়ক
সাহিত্যিক
ভাষাবিদ
সমাজ সেৱক
কণ্ঠশিল্পী
নাট্যকাৰ
অভিনেতা / অভিনেত্ৰী
চলচ্চিত্ৰ নিৰ্মাতা
নিৰ্দেশক
খেলুৱৈ
শিক্ষাবিদ
প্ৰকৃতিবিদ
বিজ্ঞানী
The contents of this page are sourced from Wikipedia article on 29 Jul 2019. The contents are available under the CC BY-SA 4.0 license.
Lists
Mahi Chandra Miri is in following lists
comments so far.
Comments
From our partners
Sponsored
Reference sources
References
Mahi Chandra Miri
arrow-left arrow-right instagram whatsapp myspace quora soundcloud spotify tumblr vk website youtube pandora tunein iheart itunes