peoplepill id: santwana-bardoloi
SB
India
1 views today
1 views this week
Santwana Bardoloi
Indian film director

Santwana Bardoloi

The basics

Quick Facts

Intro
Indian film director
Places
Gender
Female
The details (from wikipedia)

Biography

সান্ত্বনা বৰদলৈ (ইংৰাজী: Santwana Bardoloi) এগৰাকী ৰাষ্ট্ৰীয় পুৰষ্কাৰপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। বৃত্তিত তেওঁ এগৰাকী শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক।

জন্ম আৰু পৰিয়াল

সান্ত্বনা বৰদলৈ গুৱাহাটীৰ উজানবজাৰত ডাঙৰ-দীঘল হয়। তেওঁৰ পিতৃ ৰবীন্দ্ৰলাল বৰুৱা এগৰাকী বিক্ৰী বিভাগৰ কৰ বিষয়া আছিল। মাতৃৰ নাম বীণাপাণি বৰুৱা। পৰিয়ালটোৰ ছয়টা সন্তানৰ আটাইকেইটাই পঢ়া-শুনাত পাৰদৰ্শী আছিল। গীত-মাততো ধাউতি থকা বৰদলৈয়ে সংগীতৰ প্ৰাথমিক শিক্ষা লৈছিল বায়েক শিখা দত্তৰ পৰা। স্কুলীয়া দিনত তেওঁ প্ৰত্যেক শনিবাৰ-দেওবাৰে মইনা পাৰিজাতত অংশ লৈছিল। ঘৰৰ সমীপৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত নাটক উপভোগ কৰি শৈশৱতে তেওঁৰ নাটকৰ প্ৰতিও ধাউতি গঢ়ি উঠিছিল।

কেৰিয়াৰ

সান্ত্বনা বৰদলৈ গুৱাহাটীৰ এগৰাকী জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ। ১৯৭১ চনত তেওঁ চিকিৎসাবিজ্ঞানৰ চূড়ান্ত শিক্ষা উত্তীৰ্ণ হৈছিল।

অনাতাঁৰ শিল্পী

গীত-নাটৰ পৰিৱেশ এটাতে ডাঙৰ-দীঘল হোৱা বৰদলৈয়ে বায়েক শিখা দত্তৰ লগত আকাশবাণী গুৱাহাটী কেন্দ্ৰত সংগীত শিল্পীৰ অ'ডিছনত ভাগ লৈছিল। কিন্তু তেওঁ নিৰ্বাচিত নহ'ল। মহেন্দ্ৰ বৰঠাকুৰৰ পৰামৰ্শত তেওঁ নাট শিল্পীৰ বাবেও চেষ্টা কৰি চালে আৰু তাত নিৰ্বাচিত হ'ল। এইদৰে তেওঁৰ অনাতাঁৰ নাট শিল্লীৰূপী কেৰিয়াৰ আৰম্ভ হ'ল। বৰদলৈয়ে ৰেডিঅ'ত প্ৰচাৰিত "সুৰংগৰ শেষত", "এজাক জোনাকীৰ জিলমিল" আদি কেবাখনো উল্লেখনীয় নাটকত চৰিত্ৰ ৰূপায়ণ কৰিছিল। নীৰেন বৰুৱা, ধীৰু ভূঞা, জীৱেশ্বৰ চক্ৰৱৰ্তী, নীলু চক্ৰৱৰ্তী, মীৰা দাস, মলয়া গোস্বামী আদি প্ৰখ্যাত অনাতাঁৰ নাট শিল্পীসকলৰ লগত তেওঁ সহ-অভিনয় কৰিছিল।

চলচ্চিত্ৰ পৰিচালনা

১৯৯৬ চনত বৰদলৈয়ে তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ অদাহ্য নিৰ্মাণ কৰে। চলচ্চিত্ৰখন মামণি ৰয়ছম গোস্বামীৰ উপন্যাস "দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা"ৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। অদাহ্যই সেই বছৰৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। চলচ্চিত্ৰখন কেবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰি ইণ্ডিয়ান পেন'ৰামলৈও নিৰ্বাচিত হৈছিল। এই চলচ্চিত্ৰখনৰ বাবেই ১৯৯৮ চনত পৰিচালক সান্ত্বনা বৰদলৈয়ে "Silver Peacock" বঁটা লাভ কৰিছিল।

সুদীৰ্ঘ ২০ বছৰ পিছত যোৱা ২০১৭ চনত বৰদলৈয়ে পৰিচালনা কৰা দ্বিতীয়খন ছবি মাজ ৰাতি কেতেকী মুক্তি পায়। ২০১৭ বৰ্ষৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ সন্মান লাভেৰে এই চলচ্চিত্ৰখনো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠে আৰু চলচ্চিত্ৰ সমালোচকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয়। মাজ ৰাতি কেতেকীত মুখ্য চৰিত্ৰটোৰ ভূমিকা ৰূপায়ন কৰিছিল অভিনেতা আদিল হুছেইনে।

ব্যক্তিগত জীৱন

সান্ত্বনা বৰদলৈ জয়ন্ত বৰদলৈৰ লগত বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ পিছত তেওঁলোকৰ পৰিয়ালটো উজানবজাৰতে স্থায়ীভাৱে থাকিবলৈ লৈছে।

চলচ্চিত্ৰপঞ্জী

  • অদাহ্য (১৯৯৬)
  • মাজ ৰাতি কেতেকী (২০১৭)

তথ্যসূত্ৰ

The contents of this page are sourced from Wikipedia article. The contents are available under the CC BY-SA 4.0 license.
Lists
Santwana Bardoloi is in following lists
comments so far.
Comments
From our partners
Sponsored
Credits
References and sources
Santwana Bardoloi
arrow-left arrow-right instagram whatsapp myspace quora soundcloud spotify tumblr vk website youtube pandora tunein iheart itunes