peoplepill id: mridula-baruah-1
MB
India
1 views today
1 views this week
Mridula Baruah
Assamese actress

Mridula Baruah

The basics

Quick Facts

Intro
Assamese actress
Places
Gender
Female
The details (from wikipedia)

Biography

মৃদুলা বৰুৱা (ইংৰাজী: Mridula Barooah) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। চলচ্চিত্ৰৰ উপৰিও মৃদুলা বৰুৱাই ৩০ খনৰো অধিক ভিচিডি ছবি, কেইবাখনো হিন্দী আৰু অসমীয়া দূৰদৰ্শনৰ ধাৰাবাহিক আৰু টেলিফিল্মতো অভিনয় কৰিছে। ২০০০ চনত তেওঁ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰি দূৰদৰ্শনৰ দুখনমান ধাৰাবাহিকো প্ৰযোজনা কৰে। তেওঁ অসম চৰকাৰৰ বাবে দহখনমান ডকুমেণ্টৰীয়ো প্ৰযোজনা কৰিছিল।

অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা মূল্যৱান বৰঙণিৰ বাবে মৃদুলা বৰুৱালৈ অসমৰ সামাজিক-সাংস্কৃতিক সংগঠন অসম ষ্টাৰ-এ ২০২১ বৰ্ষত জীৱনজোৰা সাধনা বঁটা ঘোষণা কৰে ৷

শৈশৱ

মৃদুলা বৰুৱাৰ জন্ম হয় অসমৰ শোণিতপুৰ জিলাৰ চতিয়াত। দেউতাক যোগেন্দ্ৰনাথ বৰুৱা আছিল প্ৰতাপগড় চাহ বাগিছাৰ আউটদৌৰ ইনচাৰ্জ। ছটা সন্তানৰ সৈতে মাক-দেউতাকে পাছলৈ বিশ্বনাথ চাৰিআলিত থাকিবলৈ লয়।

অভিনয় জগতত প্ৰৱেশ

চতিয়াৰ বিদ্যালয়ত দশম শ্ৰেণীত পঢ়ি থাকোঁতে মৃদুলা বৰুৱাই প্ৰথমবাৰৰ কাৰণে বিদ্যালয়ৰ নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে। মহাবিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁ সদৌ অসম সূৰ্য বৰা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত ভাগ লৈ অভিনয়ত প্ৰথম পুৰস্কাৰ লাভ কৰে। ইয়াতেই চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা আব্দুল মজিদে মৃদুলা বৰুৱাৰ প্ৰতিভাক আৱিষ্কাৰ কৰে আৰু তেওঁৰ অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশৰ বাট মুকলি হয়।

চলচ্চিত্ৰত অভিনয়

মৃদুলা বৰুৱাৰ অভিনয় জীৱন আৰম্ভ হয় হেমন্ত দত্ত পৰিচালিত আৰু প্ৰমোদ বৰুৱা প্ৰযোজিত বোলছবি উপপথৰ যোগেদি। পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ দেৱে সেই সময়তে তেওঁৰ নতুন বোলছবি মৰমীৰ কাৰণে এগৰাকী নতুন অভিনেত্ৰীৰ সন্ধানত আছিল। অভিনেতা হীৰেন চৌধুৰীয়ে তেওঁক মৃদুলা বৰুৱাৰ লগত পৰিচয় কৰায় আৰু বোলছবিখনৰ মূল চৰিত্ৰৰ কাৰণে বৰুৱা নিৰ্বাচিত হয়। গতিকে কম বয়সতে মৃদুলা বৰুৱাই মহাবিদ্যালয়ত পঢ়ি থকাৰ সমসাময়িকভাৱে দুখন চলচ্চিত্ৰৰ মুল চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। অৱশ্যে যদিও উপপথ (১৯৮০) তেওঁৰ প্ৰথম অভিনীত বোলছবি, মৰমী (১৯৭৮) তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত বোলছবি কিয়নো এইখন উপপথতকৈ আগতীয়াকৈ মুক্তি লাভ কৰে।

১৯৭৯ চনত তেওঁৰ মেঘ মুক্তি ছবিখনে মুক্তি পায় য'ত তেওঁ দুগৰাকী যমজ ভগ্নীৰ দ্বৈত চৰিত্ৰত অভিনয় কৰে। দ্বৈত চৰিত্ৰ সম্বলিত এইখনেই প্ৰথম অসমীয়া চলচ্চিত্ৰ। ইয়াৰ পাছতেই তেওঁৰ দুখন সফল বোলছবি বোৱাৰী (১৯৮২) আৰু ককাদেউতা নাতি আৰু হাতী (১৯৮৩) ছবিঘৰলৈ আহে আৰু লগে লগে তেওঁ এগৰাকী সুদক্ষা অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ইয়াৰ পাছত তেওঁ মা (১৯৮৬) আৰু প্ৰতিমা (১৯৮৭) নামৰ দুখন নাৰীকেন্দ্ৰিক বোলছবিয়ে মুক্তি পায় য'ত তেওঁ নিজতকৈ বেছি বয়সৰ নাৰীৰ চৰিত্ৰত অভিনয় কৰে।

নিজৰ সুদীৰ্ঘ অভিনয় জীৱনত তেওঁ বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰি সফলতা পায়। প্ৰথমে মৰমলগা, নিৰ্দোষ গাঁৱলীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰা বৰুৱাই ২০০০ চনৰ হিয়া দিয়া নিয়া বোলছবিত ঋণাত্মক চৰিত্ৰতো অভিনয় কৰে। ড ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত হিন্দী বোলছবি কালসন্ধ্যাৰ (১৯৯৭) চৰিত্ৰটিতো (অতিথি শিল্পী) অলপ ঋণাত্মক পৰশ আছিল। আৱৰ্তন (১৯৯৩), ইতিহাস (১৯৯৬), গুণ গুণ গানে গানে (২০০২) আদি বোলছবিসমূহত কৰা অভিনয়ৰ বাবেও তেওঁ সমালোচকৰ পৰা উচ্চ প্ৰশংসা লাভ কৰে।

চলচ্চিত্ৰৰ উপৰিও মৃদুলা বৰুৱাই ৩০ খনৰো অধিক ভিচিডি ছবি, কেইবাখনো হিন্দী আৰু অসমীয়া দূৰদৰ্শনৰ ধাৰাবাহিক আৰু টেলিফিল্মতো অভিনয় কৰিছে।

প্ৰযোজনা

২০০০ চনত তেওঁ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰি দূৰদৰ্শনৰ দুখনমান ধাৰাবাহিক প্ৰযোজনা কৰে। তেওঁ অসম চৰকাৰৰ বাবে দহখনমান ডকুমেণ্টৰীয়ো প্ৰযোজনা কৰিছিল।

বঁটা আৰু স্বীকৃতি

  • শ্ৰেষ্ঠা অভিনেত্ৰী, ১৯৮৪ (অসম শিল্পী সমিতিৰ দ্বাৰা), বোলছবি: ককাদেউতা নাতি আৰু হাতী
  • শ্ৰেষ্ঠা সহ অভিনেত্ৰী, ১৯৮৭ (ইষ্টাৰ্ণ ইণ্ডিয়া মোছন পিক্সাৰ্ছৰ দ্বাৰা), বোলছবি: মা
  • শ্ৰেষ্ঠা সহ অভিনেত্ৰী, ২০০৫ (অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা)
  • অসমীয়া চলচ্চিত্ৰ জগতলৈ জীৱনজোৰা অৱদান বঁটা, ২০০৬ (জ্যোতিৰূপাৰ দ্বাৰা)
  • ২০১৯ বীৰঙ্গনা মূলাগাভৰু বঁটা
  • সামাজিক-সাংস্কৃতিক সংগঠন 'অসম ষ্টাৰ'ৰ তৰফৰ পৰা চলচ্চিত্ৰ জগতৰ জীৱনজোৰা সাধনা বঁটা, ২০২১ চনত৷

অভিনীত চলচ্চিত্ৰ

  • অহিৰ ভৈৰৱ (২০০৭)
  • অস্তৰাগ (২০০৭)
  • স্নেহবন্ধন (২০০৬)
  • মা তুমি অনন্যা (২০০৪)
  • বাৰুদ (২০০৪)
  • ৰং (২০০৪)
  • কাদম্বৰী
  • হেঁপাহ (২০০৩)
  • এয়েই জোনাকবিহীন জীৱন (২০০৩)
  • প্ৰিয়া মিলন (২০০৩)
  • বিধাতা (২০০৩)
  • ইমান মৰম কিয় লাগে (২০০২)
  • জখম (২০০২)
  • গুণ গুণ গানে গানে (২০০২)
  • এই মৰম তোমাৰ বাবে (২০০২)
  • শেষ উপহাৰ (২০০২)
  • আছেনে কোনোবা হিয়াত (২০০২)
  • অন্য এক যাত্ৰা (২০০২)
  • কন্যাদান (২০০২)
  • তুমি মোৰ মাথোঁ মোৰ (২০০০)
  • হিয়া দিয়া নিয়া (২০০০)
  • বৈভৱ (১৯৯৯)
  • কালসন্ধ্যা (১৯৯৭) (হিন্দী)
  • ইতিহাস (১৯৯৬)
  • আই কিল্‌ড হিম ছাৰ (১৯৯৫)
  • প্ৰত্যাৱৰ্তন (১৯৯৩)
  • প্ৰিয়জন (১৯৯৩)
  • সংঘাত সংঘাত সংঘাত (১৯৯৩)
  • আৱৰ্তন (১৯৯৩)
  • প্ৰভাতী পখীৰ গান (১৯৯২)
  • সাৰথি (১৯৯২)
  • ৰঙা নদী (১৯৯০)
  • বনানি (১৯৯০)
  • দৃষ্টি (১৯৯০)
  • ভাই-ভাই (১৯৮৯)
  • বৰদৈচিলা (১৯৮৯)
  • অজলা ককাই (১৯৮৯)
  • ছিৰাজ (১৯৮৮)
  • পিতা-পুত্ৰ (১৯৮৮)
  • প্ৰতিমা (১৯৮৭)
  • মা (১৯৮৬)
  • আৰতি (১৯৮৬)
  • দীপজ্যোতি (১৯৮৬)
  • ব'হাগৰ দুপৰীয়া (১৯৮৫)
  • শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি (১৯৮৪)
  • ককাদেউতা নাতি আৰু হাতী (১৯৮৩)
  • বোৱাৰী (১৯৮২)
  • পোনাকণ (১৯৮১)
  • উপপথ (১৯৮০)
  • মেঘ মুক্তি (১৯৭৯)
  • মৰমী (১৯৭৮)

তথ্য সংগ্ৰহ

অসমীয়া চলচ্চিত্ৰ
অসমীয়া চলচ্চিত্ৰ
দশক
চলচ্চিত্ৰ পৰিচালক
সঙ্গীত পৰিচালক
অভিনেতা
অভিনেত্ৰী
অন্য বিষয়
দশক
চলচ্চিত্ৰ পৰিচালক
সঙ্গীত পৰিচালক
অভিনেতা
অভিনেত্ৰী
অন্য বিষয়
অসমৰ প্ৰসিদ্ধ ব্যক্তিসকল
অসমৰ প্ৰসিদ্ধ ব্যক্তিসকল
আধ্যাত্মিক
ইতিহাস
গণনায়ক
সাহিত্যিক
ভাষাবিদ
সমাজ সেৱক
কণ্ঠশিল্পী
নাট্যকাৰ
অভিনেতা / অভিনেত্ৰী
চলচ্চিত্ৰ নিৰ্মাতা
নিৰ্দেশক
খেলুৱৈ
শিক্ষাবিদ
প্ৰকৃতিবিদ
বিজ্ঞানী
গণিতজ্ঞ
আধ্যাত্মিক
ইতিহাস
গণনায়ক
সাহিত্যিক
ভাষাবিদ
সমাজ সেৱক
কণ্ঠশিল্পী
নাট্যকাৰ
অভিনেতা / অভিনেত্ৰী
চলচ্চিত্ৰ নিৰ্মাতা
নিৰ্দেশক
খেলুৱৈ
শিক্ষাবিদ
প্ৰকৃতিবিদ
বিজ্ঞানী
গণিতজ্ঞ
The contents of this page are sourced from Wikipedia article. The contents are available under the CC BY-SA 4.0 license.
Lists
Mridula Baruah is in following lists
comments so far.
Comments
From our partners
Sponsored
Credits
References and sources
Mridula Baruah
arrow-left arrow-right instagram whatsapp myspace quora soundcloud spotify tumblr vk website youtube pandora tunein iheart itunes