peoplepill id: bholanath-borooah
BB
India
1 views today
1 views this week
Bholanath Borooah
Assamese businessman, donor

Bholanath Borooah

The basics

Quick Facts

Intro
Assamese businessman, donor
A.K.A.
B. Borooah
Places
Work field
Gender
Male
Birth
Place of birth
Puranigudam, Nagaon district, Central Assam division, India
Place of death
Kolkata, Bengal Presidency, British Raj, India
Age
70 years
The details (from wikipedia)

Biography

ভোলানাথ বৰুৱা (১৮৫০,২৮ ছেপ্টেম্বৰ-৩০ মে', ১৯২৩) এগৰাকী অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল। তেওঁক প্ৰায়েই 'সাউদ ভোলানাথ বৰুৱা' অথবা 'সদাগৰ ভোলানাথ বৰুৱা' হিচাপে সম্বোধন কৰা হয়। ঊনৈশ শতিকাৰ অন্তিমত আৰু কুৰি শতিকাৰ প্ৰথমাৰ্ধত এইগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষৰ একাধিক ঠাইত বাণিজ্য তথা ব্যৱসায়িক কেন্দ্ৰ স্থাপন কৰিছিল আৰু ব্যৱসায়ৰ লাভাংশৰ এক শকত ধন অসম আৰু বাহিৰৰ নানান শিক্ষাপ্ৰতিষ্ঠান আৰু ভাষা-সাহিত্যৰ উন্নতিৰ হকে ব্যয় কৰিছিল। ভাৰতৰ কলিকতা বিশ্ববিদ্যালয়, কাশী বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানলৈ শকত বৰঙণি আগঢ়োৱাৰ উপৰিও যোৰহাটৰ বিখ্যাত কাৰিকৰী শিক্ষানুষ্ঠান এইচ আৰ এইচ প্ৰিন্স অৱ ৱেলচ্ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজী (পাৱেট) প্ৰতিষ্ঠাৰ বাবে ভোলানাথ বৰুৱাই ১৯২২ চনতেই এক লাখ টকাৰ আৰ্থিক সহায় আগবঢ়াইছিল। উল্লেখযোগ্য যে, ভোলানাথ বৰুৱা চিৰকুমাৰ হৈ আছিল।

জন্ম,পৰিয়াল আৰু শিক্ষা

ভোলানাথ বৰুৱাৰ জন্ম হৈছিল নগাঁও জিলাৰ পুৰণিগুদামত (ইংৰাজী ১৮৫০চনৰ ২৮ ছেপ্টেম্বৰ)। তেখেতৰ পিতৃ আছিল নাওশলীয়া বৰুৱাৰ ঘৰৰ ঘনশ্যাম বৰুৱা আৰু মাতৃৰ নাম আছিল ভোগদৈ বৰুৱানী। ১৫ বছৰ বয়সত অৰ্থাৎ ১৮৬৫ চনত বৰুৱাদেৱক নগাঁৱৰ জিলা স্কুলত নাম লগাই দিয়া হ'ল। তেখেতে খোজ কাঢ়িয়েই পঢ়াশালিলৈ অহা-যোৱা কৰিছিল। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি থাকোঁতেই তেখেতৰ দেউতাক ঢুকায়। দেউতাক ঢুকুৱাৰ পাছত আৰ্থিক অৱস্থা পূৰ্বতকৈ শোচনীয় হ'ল। সেয়ে শিশু ভোলানাথ নগাঁৱৰ পৰা গুৱাহাটীত থকা ভিনিহিয়েক দত্তনাৰায়ণ বৰাৰ ঘৰলৈ আহে। ইয়াতেই তেওঁ ভৱিষ্যতৰ বেপাৰৰ সতীৰ্থ আৰু ভাগিনীয়েক শ্ৰী মহীনাৰায়ণ বৰাৰ লগত বন্ধুত্ব স্থাপন হয়। গুৱাহাটীলৈ অহাৰ আগেয়ে তেওঁৰ আন এজন ভিনিহিয়েক নগাঁৱৰ ৰুদ্ৰৰাম বৰদলৈৰ লগত একপ্ৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছিল যে বৰদলৈয়ে ভোলানাথ বৰুৱালৈ মাহে ৫ টকাকৈ পঢ়াৰ খৰচ হিচাপে পঠাব। গুৱাহাটীত বিদ্যাৰম্ভ কৰাৰ কালছোৱাতেই বৰুৱা ৰাধানাথ বৰুৱা, ৰায় বাহাদুৰ ভুৱন ৰাম দাস, লক্ষ্মীপ্ৰসাদ বৰুৱা আদি অসমীয়াৰ সান্নিধ্যলৈ আহে। এইসকল লোক বৰুৱাৰ সহপাঠী আছিল। এইদৰে দুটাবছৰ ভিনিহিয়েক দত্তনাৰায়ণ বৰাৰ ঘৰত কটোৱাৰ পাছত তেওঁৰ পৰিচয় হয় হেমচন্দ্ৰ বৰুৱাৰ লগত। দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পায় আৰু সঘনাই বৰুৱা হেমচন্দ্ৰ বৰুৱাৰ ঘৰলৈ অহা-যোৱা কৰিবলৈ লয়। হেম বৰুৱাৰ ঘৰত সময়ে-সময়ে গোট খোৱা নানান সজ লোকৰ সান্নিধ্য পোৱাৰ উদ্দেশ্যেৰে ভোলানাথ বৰুৱা এদিন আহি হেম বৰুৱাৰ ঘৰতে থাকিবলৈ লয়। অৱশ্যে হেম বৰুৱাৰ ঘৰত থাকোঁতেও ভিনিহিয়েকে যথেষ্ট সহায় কৰি আছিল। প্ৰথম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ সময়তেই বৰুৱা এটা টান নৰীয়াত ভোগে আৰু তেতিয়া ভাগিনীয়েক মহীনাৰায়ণ বৰাই তেওঁৰ পৰিচৰ্যা কৰে।

কৰ্মজীৱন

প্ৰাৰম্ভিক কাল

হেমচন্দ্ৰ বৰুৱাৰ ঘৰত থকাৰ সময়তে ভোলানাথ বৰুৱাৰ ফটিক চন্দ্ৰ বৰুৱাৰ লগত পৰিচয় ঘটিল। গুৱাহাটীৰ হাবিৰাম বৰুৱাৰ ঘৈণীয়েক আছিল ভোলানাথ বৰুৱাৰ পেহীয়েক। গতিকে তেওঁলোকৰ দুই পুত্ৰ ফটিক চন্দ্ৰ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱা ভোলানাথ বৰুৱাৰ সম্বন্ধীয় ককায়েক আছিল। সেই সময়তে মাণিক চন্দ্ৰ বৰুৱা আৰু অন্নদাৰাম ফুকনে লগ লাগি বৰুৱা-ফুকন কোম্পানী নামৰ এটা চাহৰ ব্যৱসায় আৰম্ভ কৰিছিল। তেওঁলোকৰ কোম্পানীতে প্ৰথমে ভোলানাথ বৰুৱাই ৩০ টকা ৰূপ দৰমহাত ভৰ্তি হ'ল। ভোলানাথ বৰুৱাই ইতিমধ্যে বেমাৰৰ পৰা আৰোগ্য হৈ জীৱিকাৰ সন্ধানত আছিল। গতিকে এই কামটো পোৱাৰ পাছত তেওঁ হেমচন্দ্ৰ বৰুৱাৰ ঘৰ এৰি তেওঁলোকৰ ঘৰলৈ গ'লগৈ। ভোলানাথ বৰুৱাৰ কৰ্মদক্ষতাত সন্তুষ্ট হৈ কোম্পানীয়ে বৰুৱাক এটা কাঠৰ কাৰবাৰৰ মেনেজাৰ পাতে। বৰুৱাই কামৰূপৰ ৰাণীগুদাম, কুকুৰমাৰা, বৰদুৱাৰ আদি ঠাইত ব্যৱসায় বিস্তাৰ কৰিলে। কাঠৰ ব্যৱসায়লৈ তেওঁ নিজৰ ভাগিনিয়েক মহীনাৰায়ণ বৰাকো মাতি আনিলে। ভোলানাথ বৰুৱাৰ কৰ্মমুখিতা আৰু উদ্যমিতাৰ বাবে কাঠৰ ব্যৱসায় কোম্পানীয়ে লাভাৰ্জন কৰিবলৈ ধৰিলে। কিন্তু গাৰো পাহাৰত ব্যৱসায় সুচল কৰিবলৈ সাজি উলিওৱা দলং এখন ভাঙি থকাত তেওঁলোকৰ যথেষ্ট লোকচান হ'ল আৰু সেইসময়তে কোম্পানীত অন্যতম গুৰিয়াল অন্নদাৰাম ফুকনৰ অকাল মৃত্যু হ'ল। এই দুয়োটা কাৰণে কোম্পানীৰ অৱস্থা শোচনীয় হৈ পৰিল। গতিকে কোম্পানীয়ে ভোলানাথ বৰুৱাক ৰাখিব নোৱাৰিলে। নিৰাশ নহৈ নিজৰ ভৱিষ্যত নিজেই গঢ়িম বুলি ১৮৯০ চনত ভোলানাথ বৰুৱা কলিকতালৈ ৰাওনা হয়।

কলিকতাত

ভোলানাথ বৰুৱা কলিকতালৈ আহি কলিকতীয়া কাঠৰ বেপাৰী কালীকৃষ্ট পৰামাণিকৰ লগত পৰিচিত হৈ তেওঁৰ লগত ব্যৱসায়িক সংযোগ স্থাপন কৰিলে আৰু শোভাৰাম বসাক ষ্ট্ৰীটৰ ওচৰত এটা ঘৰ সাজিলে। পৰামাণিকৰ পৰা অলপ কমিছন লৈ তেওঁ কাঠৰ ব্যৱসায়ত যোগ দিলে। শোভাৰাম ষ্ট্ৰীটত থাকোঁতেই তেওঁ শাৰীৰিক অসুস্থতাত ভোগে আৰু গুৱাহাটীৰ পৰা ভাগিনিয়েক মহীনাৰায়ণ বৰাক মাতি আনে। যাতে তেওঁক ব্যৱসায়ত সহায় কৰিব পাৰে। ব্যৱসায় ক্ৰমান্বয়ে বাঢ়ি গ'ল আৰু তেওঁলোকে পুৰণি দাফ কলেজৰ ওচৰত অফিচ খুলিলেগৈ। এই সময়তে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই আদি বৰুৱাৰ লগত লগ হয়। ব্যৱসায়ত কিছু ধন ঘটি বৰুৱাই ১৮৯৪ চনত সিংভূম জিলাৰ এখন জংঘলত কাঠৰ ব্যৱসায় আৰম্ভ কৰিলে। তাতে গুইলকোৰা বুলি ঠাই এডোখৰত তেওঁলোকে ঘৰ এটা ল'লে আৰু এই ব্যৱসায়ত যোগ দিবলৈ তেওঁৰ ভায়েক গোপীনাথ বৰুৱাও নগাঁৱৰ পৰা আহিল।

ব্যৱসায়িক প্ৰসাৰ

লাহে লাহে ভোলানাথ বৰুৱাৰ ব্যৱসায়ে বিকাশ লাভ কৰিলে। বেংগল টিম্বাৰ কোম্পানীৰ মিষ্টাৰ জুইফিন ছাহাবৰ লগত মিলাপ্ৰীতি কৰি তেওঁ বেংগল-নাগপুৰ ৰেলওৱে কোম্পানীৰ পৰা পোন্ধৰ হাজাৰ শ্লিপাৰৰ ঠিকা পালে। সেই ঠিকাৰ জৰিয়তেই বৰুৱাই এছানছোলত ঘৰ আৰু অফিচ পাতিলে আৰু এবছৰৰ ভিতৰত ত্ৰিশ হাজাৰ টকা লাভ কৰিলে। তাৰ পাছত সেই ঠাইৰ পৰা অফিচ উঠাই আনি চক্ৰধৰপুৰত পাতিলেহি আৰু তাৰ পিছৰ বছৰ প্ৰায় চল্লিছ হাজাৰ টকা লাভ কৰে। ১৮৯৮ চনত ঝাৰখুন্দাত নিজেই ঘৰ সজাই ল'লে। সেই সময়তে মধ্য ভাৰতৰ গাঙ্গপুৰ নামৰ কৰদ ৰাজ্যত প্ৰজাৰ দ্বাৰা সংঘটিত হোৱা এক বিদ্ৰোহ দমন কৰিবলৈকো ভোলানাথ বৰুৱাক সেই ৰাজ্যৰ ৰজাই নিয়োগ কৰে। বৰুৱাই বিদ্ৰোহ নিয়ন্ত্ৰণলৈ আনি ৰাজ্যত শান্তি স্থাপন কৰিলে। এই কাৰ্যত তেওঁক ব্ৰিটিছ চৰকাৰে সহায় কৰিলে আৰু এই সুযোগতে বৰুৱাইও কৰ্মচাৰীৰ লগত চিনা-জনা হ'ল। কাঠৰ ব্যৱসায়ৰ বাবে ডাঙৰ-ডাঙৰ জংঘল তেওঁৰ হাতলৈ আহিল। ১৯০০ চনত বৰুৱাই ৰেওৱাৰ মহাৰাজৰ পৰা এখন ডাঙৰ জংঘল পালে। এই জংঘলত কাম কৰিবলৈ তেওঁ মহীনাৰায়ণ বৰাক মাতি আনে। সমান্তৰালভাৱে বৰুৱাই হাওৰাত ঘৰ কিনিলে আৰু তাতো অফিচ খুলিলে। লক্ষ্মীনাথ বেজবৰুৱা আৰু ফটিক চন্দ্ৰ বৰুৱাৰ দ্বিতীয় পুত্ৰ বিশ্বনাথ বৰুৱাক সেই অফিচ চলোৱাৰ ভাৰ দিলে। ১৯০৬ চনত বৰুৱাই ময়ূৰভঞ্জৰ পৰা এখন জংঘল লয়।

বিদেশত বৰুৱা

১৯০৮ চনত ভোলানাথ বৰুৱা বিদেশলৈ যায়। যাবৰ সময়ত তেওঁ বিশ্বনাথ বৰুৱাক এটা কয়লাৰ কোম্পানী আৰম্ভ কৰিবলৈ অনুমতি দিয়ে। বিদেশত থাকোঁতেই সেই কোম্পানীৰ কাম আৰম্ভ হয়। পিছে কয়লাৰ কোম্পানী পতা ঠাইত কয়লাৰ কোনো চিন নাই আৰু কয়লা আছে বুলি কোৱা কয়লা-পৰীক্ষকজনো পলাই গ'ল। ১৯০৮-১০ চনত বৰুৱাৰ প্ৰায় ১৪ লাখ টকা লোকচান হয় আৰু সেই লোকচানে ব্যৱসায়ত বৰকৈ আঘাত হানে।

ব্যৱসায়িক ক্ষতি আৰু পুনৰুত্থান

১৯০৯ চনত বৰুৱা বিদেশৰ পৰা উভতি আহে আৰু ১৯০৬ চনতে ময়ূৰভঞ্জৰ ৰজাৰ পৰা লৈ থোৱা জংঘলখনত ভালকৈ ব্যৱসায় কৰিবলৈ মন মেলে। কিন্তু এই প্ৰস্তাৱনাত গৱৰ্ণমেণ্টে বাধা আৰোপ কৰিলে। ১৯১২ চনত মহাৰাজৰ মৃত্যু হয়। মহাৰাজৰ সমস্ত সম্পত্তি গৱৰ্ণমেণ্টৰ হাতলৈ গ'ল। বৰুৱাই বহু চেষ্টা কৰি ময়ূৰভঞ্জৰ জংঘল বন্দৱস্ত কৰি ৩০ বছৰৰ বাবে নিজৰ নিয়ন্ত্ৰণলৈ আনে আৰু ব্যৱসায়িক লোকচান পূৰাবলৈ চেষ্টা কৰে। এই সময়তে তেওঁৰ ভতিজাক আৰু তেওঁৰ ব্যৱসায়িক সংগী বিশ্বনাথ বৰুৱাৰ অকাল মৃত্যু হয়। ময়ূৰভঞ্জৰ জংঘলত কাম কৰিবলৈ মহীনাৰায়ণ বৰা আহে আৰু কলিকতাৰ অফিচত বহে তৰুণচন্দ্ৰ বৰুৱা। এওঁলোকে ধাৰ-ঋণ পৰিশোধ কৰি থাকিল। লাহে-লাহে আটাইবোৰ ধাৰ মৰিল আৰু ব্যৱসায়ে পুনৰ বিকাশ লাভ কৰিলে। ক্ৰমবৰ্ধমান কাঠৰ ব্যৱসায় চম্ভালিবলৈ ১৯১৯ চনত তেওঁ কাঠৰ কাৰবাৰক এটা লিমিটেড কোম্পানীৰ মৰ্যাদা দিলে আৰু কোম্পানীৰ এক অংশীদাৰিত্ব কৰিলে কলিকতাৰ প্ৰখ্যাত মাৰ্টিন কোম্পানীক। জীয়াই থকা কালত বৰুৱা সেই কোম্পানীৰ এজন সঞ্চালক আছিল।

ব্যক্তিগত জীৱন

১৯০৫ চনত বৰুৱাই ফটিকচন্দ্ৰ বৰুৱাৰ গোটেই পৰিয়ালক গুৱাহাটীৰ পৰা কলিকতালৈ লৈ আহে। কাৰণ, তেওঁ বৰুৱা-ফুকন কোম্পানীত চাকৰিত সোমাওঁতেই প্ৰতিশ্ৰুতিবদ্ধ হৈছিল যে-তেওঁলোকক তেওঁ কাহিনীও নাপাহৰে। ভোলানাথ বৰুৱা আজীৱন অবিবাহিত হৈ আছিল। ভতিজাক আৰু ফটিক চন্দ্ৰ বৰুৱাৰ দ্বিতীয় পুত্ৰ বিশ্বনাথ বৰুৱাক হিন্দু শাস্ত্ৰ মতে পোষ্য-পুত্ৰ কৰি লয়।

শিক্ষাক্ষেত্ৰত অনুদান-বৰঙণি

"Mr. Bholanath Baruah, one of the most enlightened sons of Assam, had offered a handsome donation of rupees ten thousand to meet the cost of publication of the Assamese Selection."

—১৯২২ চনৰ মাৰ্চ মাহত কলিকতা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত আশুতোষ মুৰ্খাজীয়ে ভোলানাথ বৰুৱাৰ অনুদানৰ কথা সুঁৱৰি এইবুলি কয়

অকল ব্যৱসায়িক শ্ৰীবৃদ্ধিতে লাগি নাথাকি বৰুৱাই সেইসময়ৰ শিক্ষাক্ষেত্ৰখনলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই গৈছিল। তাৰে কেইটামান উল্লেখযোগ্য বৰঙণি অথবা সাহায্য হৈছে-

  • কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত ১ লাখ ২০ হাজাৰ টকা।
  • অসম চৰকাৰলৈ কাৰিকৰী শিক্ষানুষ্ঠান পাতিবলৈ এক লাখ টকা। সেই ধনৰ সহায়ৰেই ১৯২৭ চনৰ ২৩ ছেপ্টেম্বৰত অসম চৰকাৰে 'প্ৰিন্স অৱ ৱেলছ টেকনিকেল স্কুল' প্ৰতিষ্ঠা কৰিছিল।
  • বিশাখাপট্টনমৰ কিং জৰ্জ হাস্পতালত ১০ হেজাৰ টকা।
  • কলিকতা বিশ্ববিদ্যালয়লৈ ১০ হাজাৰ টকা।
  • বালিগঞ্জৰ ছোৱালী বিদ্যালয়লৈ ৫ হাজাৰ টকা।

মৃত্যুৰ প্ৰাক-মুহূৰ্তত বৰুৱাই সমস্ত সম্পত্তি "উইল" কৰি থৈ গৈছিল। সেই পত্ৰ মতে, মহীনাৰায়ণ বৰা, তৰুণচন্দ্ৰ বৰুৱা আৰু ককায়েকৰ নাতিনীয়েক কেশৱকান্ত বৰুৱাই জীয়াই থকালৈকে সম্পত্তিৰ আয় ভোগ কৰিব আৰু তেওঁলোকৰ অবৰ্তমানত সমস্ত সম্পত্তি অসম চৰকাৰলৈ প্ৰদান কৰা হ'ব। সেই সম্পত্তি-ধন অসম চৰকাৰে প্ৰাথমিক শিক্ষাৰ উন্নতিত খটুৱাব।

উল্লেখযোগ্য যে, হেমচন্দ্ৰ গোস্বামী সংকলিত "অসমীয়া সাহিত্যৰ চানেকী"খন প্ৰকাশৰ অৰ্থে ভোলানাথ বৰুৱাই সেই অৰ্থসাহায্য প্ৰদান কৰিছিল।

স্বীকৃতি আৰু সন্মান

১৯২৩ চনত ব্ৰিটিছ চৰকাৰে তেওঁক Kaiser-i-Hind Gold Medal প্ৰদান কৰিছিল বিশিষ্ট অসামৰিক সেৱাৰ বাবে। অসমৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠান বি. বৰুৱা মহাবিদ্যালয় এইগৰাকী অসমীয়ালৈ উছৰ্গা কৰি স্থাপন কৰা হৈছিল। শিক্ষানুষ্ঠানখন দ্বিতীয় মহাসমৰৰ সময়ছোৱাত ১৯৪৩ চনত স্থাপন কৰা হৈছিল।

মৃত্যু

১৯১৮ চনত বৰুৱা মূৰৰ এক ব্যাধিত ভোগে। ১৯২২ চনৰ পৰা তেওঁ শাৰীৰিক অৱস্থা অধিক দুৰ্বল হয়। অৱশেষত ১৯২৩ চনৰ ৩০ মে'ত কলিকতাৰ হাওৰাৰ বাসভৱনত এইগৰাকী কৃতী অসম-সন্তানে শেষনিশ্বাগ ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ।

তথ্যসূত্ৰ

The contents of this page are sourced from Wikipedia article. The contents are available under the CC BY-SA 4.0 license.
Lists
Bholanath Borooah is in following lists
comments so far.
Comments
From our partners
Sponsored
Credits
References and sources
Bholanath Borooah
arrow-left arrow-right instagram whatsapp myspace quora soundcloud spotify tumblr vk website youtube pandora tunein iheart itunes