Tultul Baruah

Singer and journalist of Assam
The basics

Quick Facts

IntroSinger and journalist of Assam
PlacesIndia
isJournalist Singer
Work fieldJournalism Music
Gender
Female
Birth19 April 1932, Sivasagar, Sivasagar district, Upper Assam division, India
DeathGuwahati, Kamrup Metropolitan district, Lower Assam division, India
Star signAries
The details

Biography

তুলতুল বৰুৱা (ইংৰাজী: Tultul Baruah) অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সাহিত্যিক, সাংবাদিক আৰু নিবন্ধকাৰ। কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা নিউক্লিয়াৰ ফিজিক্সত প্ৰথম শ্ৰেণী লাভ কৰি তেওঁ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। বিশিষ্ট সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়া আৰু লক্ষ্মীনন্দন বৰা তুলতুল বৰুৱাৰ সহপাঠী আছিল। সত্তৰৰ দশকৰ সংবাদ জগতৰ তেওঁ এটি পৰিচিত নাম আছিল। তেওঁ অসম লেখিকা সমাৰোহ, অসম নাগৰিক সমাজ, ইলোৰা বিজ্ঞান মঞ্চকে আদি কৰি বহুবোৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল আৰু সাহিত্যিক পেঞ্চন লাভ কৰিছিল।

জন্ম আৰু শিক্ষা-দীক্ষা

১৯৩২ চনৰ ১৯ এপ্ৰিল তাৰিখে শিৱসাগৰত তুলতুল বৰুৱাৰ জন্ম হৈছিল। গুৱাহাটীৰ প্ৰখ্যাত প্ৰতিষ্ঠান ভৰালী ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী ৰমানন্দ ভৰালী আছিল তুলতুল বৰুৱাৰ পিতৃ। তেওঁৰ তিনিজন ভাতৃ ক্ৰমে ড॰ প্ৰণৱ ভৰালী, উৎপল ভৰালী আৰু নয়ন ভৰালী। পঢ়া-শুনাত তেওঁ সৰুৰেপৰা বৰ চোকা আছিল। গুৱাহাটী পাণবজাৰ ছোৱালী হাইস্কুলৰপৰা ১৯৪৭ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ ছাত্ৰীসকলৰ ভিতৰত অসমত সৰ্ব্বোচ নম্বৰ লাভ কৰি উৰ্ত্তীণ হয়। ১৯৫২ চনত কটন কলেজৰপৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা নিউক্লিয়াৰ ফিজিক্সত প্ৰথম শ্ৰেণী লাভ কৰি তেওঁ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।

আনুষ্ঠানিক পৰিচয়

১৯৪৮ চনত প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী হিচাপে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰপৰা তুলতুল বৰুৱাই গীত পৰিৱেশন কৰিছিল। তেওঁৰ বৃত্তি আছিল সাংবাদিকতা। বৰুৱা সাপ্তাহিক নীলাচল কাকতৰ সহকাৰী সম্পাদক আছিল। সাদিনীয়া নাগৰিকআৰু কিশোৰতো তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। সাংবাদিক ৰূপে বহু সংখ্যক নিবন্ধ লিখি তেওঁ নাম কৰিছিল। তেওঁৰ দ্বাৰা সম্পাদিত ৰচনা সংকলন অসমৰ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত। তেওঁ সাহিত্যিক পেঞ্চন লাভ কৰিছিল আৰু অসমৰ ভালেসংখ্যক সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত আছিল।১৯৫৬ চনত তেওঁৰ বিয়াৰ পাছত তেওঁ ষোল্ল বছৰ মুম্বাইত আছিল আৰু ভাৰতীয় ফিল্ম ডিভিজনৰ সৈতে ঘনিষ্ঠ ভাৱে জড়িত আছিল।

মৃত্যু

২০২০ চনৰ ২১ ডিচেম্বৰ তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰৰ নিজা বাসভৱনত তুলতুল বৰুৱাৰ মৃত্যু ঘটে। ইলোৰা বিজ্ঞান মঞ্চৰ জড়িয়তে মৰণোত্তৰ ভাৱে তেওঁ দেহদান কৰি থৈ গৈছে। তেওঁৰ মৃত্যুৰ বহু আগতেই তেওঁৰ স্বামী নৱ বৰুৱা আৰু দুই পুত্ৰ হিমন্ত আৰু সুদীপ্তৰ মৃত্যু হৈছিল।

তথ্যসূত্ৰ

The contents of this page are sourced from Wikipedia article on 31 Aug 2023. The contents are available under the CC BY-SA 4.0 license.