Madhurjya Borah
Indian triathlete
Intro | Indian triathlete | |
Places | India | |
is | Triathlete | |
Work field | Sports | |
Gender |
|
মাধুৰ্য বৰা ভাৰতৰ এজন অসমীয়া ট্ৰায়েথলন খেলুৱৈ। ২০১৩ চনত তেওঁ দক্ষিণ এছীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰে।
স্কুলীয়া দিনৰেপৰা তেওঁ বিভিন্ন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ২০০০ চনত ২০ বছৰ বয়সত তেওঁ প্ৰথমবাৰ আনুষ্ঠানিক ট্ৰায়েথলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ২০০০ চনৰপৰা তেওঁ একেৰাহে ১০ বছৰ অসমৰ ৰাজ্যিক চেম্পিয়ন হৈ ৰয়। ২০০৯ চনৰপৰা তেওঁ উন্নত প্ৰশিক্ষণৰ কাৰণে বাংগালুৰুত থাকিবলৈ লয়। ২০১২চনৰ ৰাষ্ট্ৰীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপতো তেওঁ পদক অৰ্জন কৰে। ২০১৩ চনত দক্ষিণ এছীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন হ'ল ১০কে শিতানত ৩৭ আৰু হাফ মাৰাথন শিতানত ১:২৭:২৬ (কাবেৰী ট্ৰেইল মাৰাথন)। তেওঁ বৰ্তমান ২০১৬ চনৰ ৰিঅ' অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছে।
২০১৩
২০১২
২০০০-২০০৯