Jintu Gogoi
Martyr of Kargil War
জিণ্টু গগৈ (ইংৰাজী: Jintu Gogoi) এজন অসম সন্তান আৰু কাৰ্গিল যুদ্ধৰ এজন শ্বহীদ।
১৯৭০ চনৰ ২১ নৱেম্বৰত জিণ্টু গগৈৰ জন্ম হৈছিল।অসমৰ গোলাঘাট জিলাৰ এখন সৰু নগৰ খুমটাইত জিণ্টুৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম ঠগিৰাম আৰু মাতৃৰ নাম দুলুপ্ৰভা। পিতৃ ঠগিৰাম ভাৰতীয় বায়ুসেনা বিভাগৰ এজন দক্ষ আৰু অভিজ্ঞ বিষয়া আছিল। জিণ্টু গগৈৰ লুনা নামৰ এজনী ভনীয়েক আছিল।
জিণ্টু গগৈ ১৭ নং গাড়ৱাল ৰাইফলছৰ কেপ্টেইন আছিল। শি সময়ত বাটালিক ছেক্টৰৰ জুবাৰ কমপ্লেক্সৰ কালাপাথৰ ৰিঝ লাইন শত্ৰুৰ হাতৰ পৰা মুক্ত কৰিবলৈ দায়িত্ব পাইছিল। ১৯৯৯ চনৰ ২৯ আৰু ৩০ জুনত সেই দায়িত্ব পালন কৰোঁতে তেওঁ শ্বহীদ হয়।
মৰণোত্তৰভাৱে কেপ্টেইন জিণ্টু গগৈক ১৯৯৯ চনৰ স্বাধীনতা দিৱসতবীৰ চক্ৰ আৰু ২০০৮ চনৰ ১৯ জুলাইত বীৰ চিলাৰায় বঁটাৰে সন্মানিত কৰা হয়।
১৯৯৯ চনৰ ৩০ জুনত জিণ্টু গগৈৰ ২৯ বছৰ পূৰনহওঁতেই মৃত্যু হয়।